আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্মদিন

0

যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা পৰিবেশ কৰ্মী। মলাই তেখেতৰ উপনাম। ১৯৫৯ চনৰ ৩১ অক্টোৱৰ তাৰিখে যাদৱ পায়েঙে জন্মলাভ কৰিছিল । সেইসূত্ৰে আজি তেওঁৰ ৬৫ সংখ্যক জন্মদিন ।

তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। প্ৰায় ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে তেখেতৰ নামেৰে ‘মলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে । পায়েংৰ এই বনাঞ্চলত বৰ্তমান কেইবাটাও ঢ়েকীয়াপতীয়া বাঘ, শতাধিক হৰিণাপহু বন-গাহৰি আদি জন্তু উপৰি শগুণ আৰু অনেক প্ৰজাতিৰ চৰায়ে বাস কৰি আছে।  এই অৰণ্যখন অৰ্জুন এজাৰ, কৰৈ, শিমলু, আদি মূল্যৱান গছ-গছনিৰে ভৰপূৰ । ১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। ২০০৮ চনত হাতীৰ এটা জাকে হাবি খনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতী জাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বনবিষয়াক এই কথা জনায়। বনবিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে। যাদৱ পায়েঙ দেৱে হাবি খনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। এই অনুষ্ঠানতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সোপোৰিয়ে তেখেতক “ভাৰতৰ অৰণ্য মানৱ” আখ্যা দিয়ে। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

Leave A Reply

Your email address will not be published.