অভিশপ্ত ৩০ অক্টোবৰৰ ১৬ বছৰ

0

২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই সম্পূৰ্ণ কৰিলে প্ৰায় দুটা দশক। শিশুকে ধৰি ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল ৪৭০ জন লোক। এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও কন্দুৱাই ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকক।

অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। মুহূৰ্ত্ততে চিটিকি, উফৰি পৰিছিল বহুতৰে আপোনজন। ধাৰাবাহিক বোমা বিস্ফোৰণে কাঢ়ি নিছিল বহুতৰে সপোন, বহুতৰে জীৱন। গুৱাহাটী মহানগৰীৰ পানবজাৰ,ফাচী বজাৰ,গনেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁত ২০০৮ এই ৩০ অক্টোবৰৰ দিনটোতে ধৰাবাহিক বিস্ফোৰনত কপি উঠিছিল। ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত হোৱা ভয়ংকৰ ধাৰাবাহিক বিস্ফোৰণে অসমক এক মচিব নোৱাৰা দুখ দি গৈছিল কিয়নো এই বিস্ফোৰণত শতাধিক লোক নিহত হোৱাৰ ওপৰিও বিভিন্নজনে আজীৱনৰ বাবে পংগুত্বক আঁকোৱালি ল’বলগা হৈছিল।উল্লেখ্য যে, গুৱাহাটীত ৩টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল এই দিনটোত। এই বিস্ফোৰণৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল বহু লোক ।আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৬টাকৈ বছৰ। এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন.ডি.এফ.বিৰ ৰঞ্জন দৈমাৰী।

আজিও উক্ত দিনটোৰ ভয়ানক স্মৃতি সোঁৱৰণ কৰি দুৰ্বিসহ দিন কটাইছে বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে ৷

Leave A Reply

Your email address will not be published.