অগপৰ প্ৰবীণ ৰাজনীতিক, বঙাইগাঁৱৰ অবিসম্বাদী ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীৰ নাম অতীত হ’বলৈ আগবাঢ়িছে। ১৯৮৩ চনৰ পৰা একেৰাহে বঙাইগাঁৱৰ বিধায়ক হোৱাৰ এক সুকীয়া অভিলেখ আছে ফণীভূষণ চৌধুৰীৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈছে ফণীভূষণ চৌধুৰী।সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীও আছিল ফণীভূষণ চৌধুৰী।ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা ফণীভূষণ চৌধুৰীৰ।সংবাদ মাধ্যমৰ আগত হঠাতেই এই মন্তব্য প্ৰকাশ কৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। লগতে তেওঁ আৰু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি কয় যে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনতেও তেওঁৰ পৰিয়ালৰ পৰা কোনেও প্ৰতিদ্বন্দিতা নকৰে।
ফণীভূষণ চৌধুৰীয়ে আৰু কয় যে বঙাইগাঁওবাসী ৰাইজে তেওঁৰ পত্নীক প্ৰাৰ্থী হিচাবে বিচৰাৰ মূল কাৰণ হল ফণীভূষণ চৌধুৰীৰ আধৰুৱা কামসমূহ যাতে পুৰণ হয় সেইবাবে ৰাইজে বিচাৰিছে তেওঁৰ পত্নীক। লগতে তেওঁ আৰু কয় মৃত্যুৰ আগমূহুৰ্ত পৰ্যন্ত তেওঁ অগপ দলৰ হৈ সেৱা আগবঢ়াব আৰু বঙাইগাঁৱৰ ৰাইজৰ বাবে কাম কৰি যাব। অগপ দল কেতিয়াও অভিভাৱকহীন নহয়, অগপ দলে মোক বহু দিলে এতিয়া অবসৰ লোৱাৰ পিছটো দল আৰু ৰাইজৰ হকে কাম কৰিম।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post