প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচ পালন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপাসনা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল ৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায়।
কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ পৃথিৱীত আবিৰ্ভাৱ হৈছিল। ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয়। এই বছৰ ধনতেৰচৰ উৎসৱ ২৯ অক্টোবৰত অৰ্থাৎ আজি পালন কৰা হৈছে।
এই উৎসৱক ধন-সম্পত্তি, সমৃদ্ধি আৰু নতুন আৰম্ভণিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আজিৰ দিনটোত সোণ, ৰূপ, বাচন আদি ক্ৰয় কৰাটো শুভ বুলি কোৱা হয়। কাতি মাহত পালন কৰা এই উৎসৱৰ দিনটোতো তুলসী পূজাৰ বিশেষ তাৎপৰ্য আছে। ধনতেৰছৰ দিনা তুলসী সম্পৰ্কীয় কিছু প্ৰতিকাৰ কৰিলে সুখ, সমৃদ্ধি, সৌভাগ্য, ধন-সম্পত্তি আৰু স্বাস্থ্য বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। ধনতেৰছৰ দিনটোত মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সোণ, ৰূপৰ পৰিৱৰ্তে ঘৰলৈ আনিব পাৰে-ঝাড়ু, নিমখ, কাঁহ বা পিতলৰ সামগ্ৰীৰ লগতে গোসাঁই থাপনাৰ যিকোনো সমাগ্ৰী। এই সমূহ বস্তু ক্ৰয় কৰিব পাৰিলেও মা সন্তুষ্ট হয় বুলি কোৱা হয়।