মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিল এক ডাঙৰ খবৰ ।

0

মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিল এক ডাঙৰ খবৰ । ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে বিশেষ নিৰ্দেশনা । আগন্তক ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে কিছু বিশেষ নিৰ্দেশনা।এই নিৰ্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীসকলক অনলাইনযোগে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ২৩ অক্টোবৰ ২০২৪ৰ পৰা ১৪ নৱেম্বৰ ২০২৪ লৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীসকলে অনলাইন আবেদন কৰিব লাগিব।

এই অনলাইন আবেদন কৰিব পাৰিব sebaregistration.org নামৰ প’ৰ্টেলটোত। পৰীক্ষাৰ বাবে ষ্টেট বেংকত চালান মাচুল দিয়া অন্তিম দিন ধাৰ্য কৰা হৈছে ১৮ নৱেম্বৰ। ছাত্ৰ- ছাত্ৰীসকলে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰোতে কিবা সংশোধন বা শুধৰণি থাকিলে ৩০ নৱেম্বৰ পৰ্যন্ত কৰিব পাৰিব। নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়ত ছাত্ৰ- ছাত্ৰীসকলে যি ইউজাৰ আই ডি আৰু পাচৱৰ্ড ব্যৱহাৰ কৰিছিল, মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত সেই ইউজাৰ আই ডি আৰু পাচৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। কোনো ছাত্ৰ- ছাত্ৰীয়ে ইউজাৰ বা পাচৱৰ্ড পাহৰিলে শিক্ষা ব’ৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ সচিবগৰাকীৰ সৈতে যোগাযোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.