আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ

0

ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ঢাক-ঢোলৰ শব্দত মুখৰিত প্ৰতিখন পূজা মণ্ডপ। ৰং-বিৰঙৰ আলোক-সজ্জাৰ মাজত উজ্বলিছে ভক্তৰ উচাহ-উদ্দীপনা। আজি মহা অষ্টমী। পুৱাৰে পৰা অষ্টমীৰ পূজা আৰম্ভ হৈছে। দেৱী দৰ্শনৰ বাবে পূজা মণ্ডপসমূহত ভিৰ কৰিছে ভক্তই। এইবাৰো ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ ৷ এইবাৰ আড়ম্বৰপূৰ্ণভাৱে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে দুৰ্গোৎসৱ৷ বিগ বাজেটেৰে আৰু নানা থিম লৈ অনুষ্ঠিত হৈছে দুৰ্গাপূজা৷ বছৰজোৰা অপেক্ষাৰ অন্তত এইবাৰ ৰাজ্যজুৰি প্ৰায় সহস্ৰাধিক আৰু গুৱাহাটী মহানগৰীত পূজা সমিতিয়ে প্ৰশাসনে যাৱতীয় বিধি মানি  পূজা অনুষ্ঠিত কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দুৰ্গা পূজাৰ মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷  গুৱাহাটী মহানগৰীখনো আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷

ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ পাৰভঙা আনন্দৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখনৰ পাছত আনখনকৈ পূজা মণ্ডপত উপস্থিত হৈ ৰাইজৰ সৈতে উপভোগ কৰিছে শাৰদীয় দুৰ্গোৎসৱ । এখন-দুখন নহয় দুটা দিনত মুখ্যমন্ত্রীয়ে ৪০ খনকৈ পূজাস্থলীত উপস্থিত হৈ দুৰ্গোৎসৱৰ আনন্দ উপভোগ কৰিছে । ষষ্ঠীৰ দিনাই মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া ১৪ খনকৈ পূজাস্থলী দৰ্শন কৰে ।

আনহাতে মহাসপ্তমীৰ দিনা মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ তিনিটাকৈ ৱাৰ্ডৰ ২৬ খন পূজাস্থলী দৰ্শন কৰে । মণ্ডপে মণ্ডপে ঘূৰি মুখ্যমন্ত্রীয়ে দেৱী দুৰ্গাৰ আশীষ নিৰ্মালি গ্ৰহণ কৰাৰ লগতে ৰাইজৰে সৈতে পূজাৰ আনন্দত মিলিত হয় ।

Leave A Reply

Your email address will not be published.