আজি ৰাণা দাৰ ওপজা দিন ।

0

অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি জন্মবাৰ্ষিকী। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰা জয়ন্ত হাজৰিকাই অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰিছিল। তেওঁ কণ্ঠ নিগৰোৱা চিৰসেউজ গীতসমূহে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে । সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৰমৰ ভাতৃ জয়ন্ত হাজৰিকাক সকলোৱে ৰাণা দা বুলি সম্বোধন কৰিছিল।

জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। জ্যেষ্ঠ ভাতৃ ড০ ভূপেন হাজৰিকাক ‘মণিৰাম দেৱান’ বোলছবিত সংগীত পৰিচালনাত সহায় কৰাৰ পাছৰে পৰা সংগীত জগতত তেওঁৰ যাত্ৰা অব্যাহত আছিল । এই আকাশ বৰ বিশাল, তোমাৰ মৰমে মোৰ, মোৰ মিনতি, কেতিয়াবা বেজাৰতে, সময় গতিশীল আদি কেইবাটাও চিৰ স্মৰণীয় গীতৰ স্ৰষ্টা জয়ন্ত হাজৰিকাই কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰি খুব কম সময়ৰ ভিতৰতে অসমীয়া জনতাৰ আগত নিজৰ পৰিচয় দাঙি ধৰিছিল। জয়ন্ত হাজৰিকাই ‘লটিঘটি’ আৰু ‘চিকমিক বিজুলী’ নামৰ অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।

অসমৰ সমান্তৰাভাৱে বহিঃৰাজ্যতো তেওঁ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । জয়ন্ত হাজৰিকাদেৱে অসমীয়া সংগীত জগতত নতুনত্বৰ লহৰ তুলিছিল । তেওঁৰ ৰচনাত কেইবাটাও পাশ্চাত্য বাদ্যযন্ত্ৰ প্ৰৱৰ্তন দেখা পোৱা যায়।

১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক বিয়া কৰায়। ১৯৭১ চনৰ ১৩ জানুৱাৰীত তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল । ১৯৭৭ চনত জয়ন্ত হাজৰিকাই সুৰ-বাহিনী নামে এটা অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটে-পথে গান পৰিৱেশন কৰি ধন আহৰণ কৰিছিল ।

কণ্ঠদান, সংগীত পৰিচালনাৰ সমান্তৰালভাবে গীত ৰচনা তথা সুৰ প্ৰদান কৰি তেওঁ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল । ৩৪ বছৰীয়া জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে। তেখেতেই অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰিছিল।

১৯৭৭ চনত কলিকতাত এখন বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে তাতেই ১৫ অক্টোবৰ তাৰিখে জয়ন্ত হাজৰিকাৰ আকস্মিক মৃত্যু হয়।

Leave A Reply

Your email address will not be published.