আজি গণেশ চতুৰ্থী। গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে হিন্দুসকলৰ এক পৱিত্ৰ উৎসৱ । গণেশৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয় এই উৎসৱ । এই সময়ত গণেশ দেৱতাই তেওঁৰ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয়। গণেশ বাবাক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ, বাধা ৰক্ষক লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি এই উৎসৱ উদযাপন কৰা হয়। দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হয় গণেশক। সজাই পৰাই তোলা হৈছে দেশৰ প্ৰতিটো গণেশ মন্দিৰ । সিদ্ধি বিনায়কৰ পূজা–অৰ্চনাৰে মুখৰ অসমৰ লগতে সমগ্ৰ দেশ । ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীত পালন কৰা হয় গণেশ চতুৰ্থী ।
গণেশ চতুৰ্থীৰ আৰম্ভণিতে গণেশৰ মূৰ্তি ঘৰলৈ আনি বা মন্দিৰত খুব ধুনীয়াকৈ সজোৱা হয় । প্ৰাণপ্ৰতিষ্ঠাৰ দ্বাৰা গণেশ চতুৰ্থীৰ পূজা আৰম্ভ হৈ ৰীতি-নীতিৰ মাজৰে গণেশৰ উপাসনা কৰা হয়। পূজাৰ মূল প্ৰসাদ হিচাপে গণেশক নাৰিকল, গুড় আৰু মোদক আগবঢ়োৱা হয়, কিয়নো মোদকক গণেশৰ প্ৰিয় খাদ্য বুলি গণ্য কৰা হয়। গণেশৰ আশিষ বিচাৰি পুৱাৰে পৰা গণেশ মন্দিৰ সমূহত অগণন ভক্তই ভিৰ কৰিছে । সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ পৰা ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশ মন্দিৰতো সমাগম ঘটিছে ভক্তৰ। ধূপ-ধূনা নৈবদ্যৰে আৰাধনা গণেশক। সকলো বিপদৰ পৰা হাত সাৰি বছৰটো যাতে ভালে কুশলে যায় তাৰ বাবেই প্ৰাৰ্থনা সকলোৰে ।
কেৱল মন্দিৰতে নহয়, দেশৰ প্ৰায় বিলাক ব্যৱসায়িক প্ৰতিস্থানতো গণেশ চতুৰ্থী উদযাপনৰ ব্যাপক যো–জা চলিছে । গণপতিৰ শ্ৰীচৰণত সেৱা ল’বলৈ গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ লানি নিচিগা ভিৰ । সমগ্ৰ ভাৰতবৰ্ষতে গণেশ পূজা উদযাপন হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু গোৱাতো এই উৎসৱ বিশেষভাৱে উদযাপন কৰা হয় । ভাৰতৰ বাহিৰত নেপালত এই উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয় । তামিল হিন্দুসকলেও শ্ৰীলংকাত এই উৎসৱ পালন কৰে ।
১০ দিনীয়া এই উৎসৱৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলি জনা যায়। এই দিনটোতে ঢোল, ভক্তিমূলক গীত আৰু নৃত্যৰ সৈতে এক বিশাল শোভাযাত্ৰা কৰি স্থানীয় নদীত ভক্তসকলে গণেশৰ মূৰ্তিৰ বিসৰ্জন দিয়ে।