আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস ।

0

“ক্ৰীড়াই এখন সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়ে ।”

আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী খেলুৱৈ, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় এই বিশেষ দিনটো । ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতলৈ তেখেতৰ অবৰ্ণনীয় অৱদানৰ বাবে প্ৰতিবছৰে এই দিনটো অভিৰুচী ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে ।

শিৱসাগৰত জন্মগ্ৰহণ কৰা ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ এছিয়ান গেমছত সোণৰ পদক আৰু ১৯৭০ চনৰ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

১৯৮৪ চনৰ পৰা প্ৰতিবছৰে ধাৰাবাহিকভাৱে ৩ ছেপ্টেম্বৰৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভণি হৈছিল । এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা লাভ কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয় ।

Leave A Reply

Your email address will not be published.