ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প -“জল জীৱন মিছন”। অসাৰ হৈ পৰিছে “ঘৰ-ঘৰ জল , ঘৰ-ঘৰ নল” শীৰ্ষক শ্লোগান । জল জীৱন আঁচনিৰ নামত ভেকোঁভাওনা ৷

0

জনস্বাস্থ্য কাৰিকৰি বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ, নিম্নমানৰ কামেৰে ঠিকাদাৰে সৰকাইছে আঁচনিৰ ধন।ফুটুকাৰ ফেনত পৰিণত জল জীৱন মিছন আঁচনি! জীৱন মিছন আঁচনিৰ নামত কি চলিছে ৰাজ্যত? ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন মিছনৰ নামত প্ৰহসন।বিয়াগোম দুৰ্নীতি আৰু অনিয়মত পোত গৈছে জলজীৱন মিছন আঁচনি । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান লাভ নকৰিলে ৰাইজে ।

 আছে নল নোলায় পানী,এয়া আকৌ জল জীৱন মিছন আচঁনি l  জল জীৱনৰ পানীৰ নামত ৰাইজক খুৱাইছে বিৰবিহ  l  মানকাচৰত জল জীৱন মিছনত ব্যাপক দুৰ্নীতি l

ভালুকৰ সাঙিত পৰিণত চৰকাৰী জলজীৱন মিছন আঁচনি।গ্ৰাম্য পানী যোগান আঁচনিয়ে জ্বলা-কলা দেখুৱাইছে ৰাইজক।আনুষ্ঠানিকভাৱে উদ্ধোধন কৰাৰ পিছতো ৰাইজে নাপায় জল জীৱন মিছনৰ বিশুদ্ধ খোৱা পানী।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ বাঘাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাজিপাৰা জল জীৱন মিছনৰ কামৰ বাবদ চৰকাৰে ২ বছৰ পূৰ্বে আৱন্টন দিয়ে ১ কোটি ১৪ লাখ ১১ হেজাৰ টকা।কিন্তু বৰ্তমানলৈকে নাই কোনো আধাৰশিলা।৩০০ টা ঘৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত চৰকাৰে এই বৃহৎ পৰিমাণৰ টকা আৱন্টন দিয়াৰ  পিছতো ঠিকাদাৰ জনে মাত্ৰ ১৩০ ঘৰত নল লগাই কাম সামৰাৰ লগতে নিম্নমানৰ কাম কৰাৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ।ইফালে চলিত  বৰ্ষৰে পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জল জীৱন মিশনৰ কাম ভাৰ্চুৱেল বাবে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই উদ্ধোধন কৰে যদিও ৰাইজে নাপালে জল জীৱন মিছনৰ বিশুদ্ধ খোৱা পানী।ইয়াক লৈ জিলা ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ মাজত সৃষ্টি হৈছে এক ব্যাপক প্ৰতিক্ৰিয়াৰ , কিয়নো জিলা আয়ুক্তই উদ্ধোধনী কৰা আঁচনিত ৰাইজে পানী নোপোৱাৰ বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে, দক্ষিণ শালমাৰা মানকাচৰ জিলাত। জিলা আয়ুক্তক ভুল তথ্যৰে আঁচনি সমূহ মুকলি কৰা হৈছে নে হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ ৰাইজক বুৰ্বক বনালে নেকি এয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। মনকৰিবলগীয়া কথা যে গোটেই অসমৰ ভিতৰতেই দক্ষিণ শালমাৰা মানকাচৰ জিলাই জল জীৱন মিছনৰ ক্ষেত্ৰত ইতিমধ্যেই প্ৰথম পুৰস্কাৰ লাভ কৰাৰ দৰে গৌৰৱ অৰ্জন কৰি থৈছে।

আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া হব লক্ষণীয় বিষয়।

Leave A Reply

Your email address will not be published.