আৰ জি কৰ কাণ্ড ! দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ পশ্চিমবংগ আৰক্ষী ।

0

সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত সংঘটিত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ। এই চাঞ্চল্যকৰ ঘটনাই স্তম্ভিত কৰি তুলিছে দেশবাসীক। কলকাতাৰ এই জঘন্য অপৰাধক কঠোৰ ভাষাৰে নিন্দা কৰিছে প্ৰতিগৰাকী ব্যক্তিয়ে। এই কাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আজি দেশজুৰি চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশৰ সাধাৰণ জনতায়ো এই ঘৃণনীয় অপৰাধৰ বলি হোৱা যুৱতীগৰাকীলৈ সহমৰ্মিতা প্ৰদৰ্শন কৰি দোষীৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছে।দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ পশ্চিমবংগ আৰক্ষী । চিবিআইৰ তদন্তৰ লগে লগে কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ঘটনাই নতুন মোৰ লৈছে। হাস্পতালত নাছিল পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা। মহিলা চিকিৎসক-নাৰ্ছৰ সুৰক্ষা তথা প্ৰয়োজনীয় সা-সুবিধাও চিকিৎসালয়খনত নাই। তাৎপৰ্যপূৰ্ণভাৱে হাস্পতাল কৰ্তৃপক্ষই কনিষ্ঠ চিকিৎসকগৰাকীৰ সৈতে হোৱা বৰ্বৰ কাণ্ডৰ সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰাৰো অভিযোগ।

আৰ জি কৰ কাণ্ডৰ খলনায়ক সঞ্জয় ৰয়ক মাৰাথন জেৰা । এজন সাধাৰণ নাগৰিক সঞ্জয়ে বেটেলিয়নৰ বেৰেকত থকাৰ অনুমতি কেনেকৈ পালে? এই সন্দৰ্ভত CBIয়ে অব্যাহত ৰাখিছে তদন্ত।আৰ জি কৰ হাস্পতালৰ পূৰ্বৰ অধ্যক্ষ গৰাকীয়ে ঘটনাৰ পিছতেই পদত্যাগ কৰাৰ বাবেও চৰ্চা চলিছে। এই ক্ষেত্ৰত আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ তদানীন্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি চিকিৎসালয়খনৰ কেইবাজনো সদস্য, চিকিৎসক যুৱতীগৰাকীৰ কেইবাজনো সহকৰ্মী আৰু কলকাতা আৰক্ষীৰ জোৱান আৰু ঘটনাৰ দিনটোত কৰ্তব্যত নিয়োজিত অন্যান্য ব্যক্তিগত সুৰক্ষাকৰ্মীক মাৰাথন জেৰা অব্যাহত ৰাখিছে CBIয়ে।

Leave A Reply

Your email address will not be published.