বৰ্বৰ, অমানৱীয়, নাৰকীয় । বৰ্ণনাৰ বাবে শব্দৰ অভাৱ হোৱা দেশ কপাই যোৱা এক পাষৱিক কাণ্ড ।
প্ৰথমে ধৰ্ষণ, তাৰপিছত হত্যা । কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হস্পিটেলত বুধবাৰে নিশা সংঘটিত হয় এক হিংসাত্মক ঘটনা । ৯ আগষ্ট তাৰিখে নিশা হস্পিটেলখনৰ চেমিনাৰ হলত উদ্ধাৰ হয় এগৰাকী কনিষ্ঠ চিকিৎসকৰ অৰ্ধনগ্ন মৃতদেহ । মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছিল । ঘটনাৰ বলি চিকিৎসকগৰাকীৰ ঘৰ পশ্চিম বংগৰ উত্তৰ পৰগনা জিলাৰ সোদপুৰত ।
প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসকগৰাকীয়ে নিশা প্ৰায় দুই বজাত দুজন বন্ধুৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল । তাৰ পিছত জৰুৰীকালীন ভৱনৰ চতুৰ্থ মহলাৰ এটা চেমিনাৰ ৰুমত জিৰণি ল’বলৈ গৈছিল চিকিৎসক গৰাকী। কিন্তু শুকুৰবাৰে পুৱা প্ৰায় ৮ বজাত চিকিৎসালয়ৰ চাফাই কৰ্মীসকলে গৈ চেমিনাৰ হলত প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহ।
উল্লেখযোগ্য যে, চিকিৎসক গৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সঞ্জয় ৰয় নামৰ এজন Civic Volunteer ক গ্ৰেপ্তাৰ কৰিছে । ইফালে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি লৈছে চিকিৎসাকৰ্মীসকলে । এই ঘটনাৰ পাছতেই চিকিৎসকলৰ মাজত তীব্ৰ ক্ষোভে বিৰাজ কৰিছে। ন্যায় বিচাৰি দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে । ভাৰতীয় চিকিৎসা সন্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি 17 আগষ্ট শনিবাৰৰ পুৱা 6 বজাৰ পৰা 18 আগষ্ট দেওবাৰৰ পুৱা 6 বজালৈ আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসকসকলে দেশজুৰি চিকিৎসা সেৱা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে । অৱশ্যে কলকাতা উচ্চ ন্যায়ালয়ে ধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অৰ্পন কৰিছে ।
ইফালে প্ৰতিবাদৰ সময়ত মেডিকেল কলেজখনত সৃষ্টি হোৱা আক্ৰমণাত্মক ঘটনাত ৰাজ্যখনৰ প্ৰশাসন যন্ত্ৰ বিফল হৈছে বুলি অভিহিত কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে ।
লগতে দৰকাৰ হ’লে আৰ জি কৰ মেডিকেল কলেজ আৰু হস্পিটেলখন বন্ধ কৰি দিয়া হ’ব বুলিও উচ্চ ন্যায়ালয়ৰ ৰায়ত স্পষ্ট কৰি দিছে ।
এই হত্যা কাণ্ডৰ সন্দৰ্ভত মমতা বেনাৰ্জীয়ে, এয়া এক ডাঙৰ অপৰাধ, দোষীক ফাঁচি দিব লাগে বুলি মন্তব্য কৰিছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দোষীক শাস্তি প্ৰদানৰ বাবে চিবিআইক অনুৰোধ কৰিছে । চিবিআইয়ে আজি হাস্পতালখনৰ পাঁচজনক জেৰাৰ বাবে তলব কৰাৰ খবৰ পোৱা গৈছে । আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ মুৰব্বী ডাঃ সন্দীপ ঘোষক মহাবিদ্যালয়খনৰ নেতৃত্ব আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত সৃষ্ট সমস্যাৰ বাবে বাধ্যতামুলক ছুটীত যাব দিয়া হৈছে ।