আহোম ৰাজত্বৰ সাক্ষী চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি।

0

২৬/০৭/২০২৪: অসমৰ বাবে এক ঐতিহাসিক দিন।বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে।নতুন দিল্লীত আনুষ্ঠানিক ঘোষণা UNESCOৰ আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।কাজিৰঙা, মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি।৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ছচিয়েল মিডিয়াযোগে অসমবাসীক জনাইছিল। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছিল”চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ স্বীকৃতি অসমৰ জনসাধাৰণৰ বাবে এক মাইলৰ খুটি হ’বlআমি আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছো। এই স্মৰণীয় মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ আমি একত্ৰিত হওঁ আহক, একেলগে উদযাপন কৰো আহক আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱ”।আৰু প্ৰত্যাশিতভাৱেই আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড হেৰিটেজ কমিটীৰ বৈঠকত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। নতুন দিল্লীত ইউনেস্ক’ৰ বিষয়ববীয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। যি খবৰে গৌৰৱান্বিত কৰিছে প্ৰতিজন অসমীয়াকl

Leave A Reply

Your email address will not be published.