প্ৰতিবাদত জ্বলিছে বাংলাদেশ, কেইবা শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ।

0

২০/০৭/২০২৪:প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি সান্ধ্য আইন জাৰি কৰাৰ সময়তে এতিয়ালৈকে কেইবা শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে lবাংলাদেশৰ ঢাকাৰ ৰামপুৰা অঞ্চলত চৰকাৰী চাকৰিত কোটা সংৰক্ষণক লৈ বিৰোধী সমৰ্থকৰ সৈতে আৰক্ষী আৰু আৱামি লীগৰ সমৰ্থক‌ সকল সংঘৰ্ষত মিলিত হয়। এই সংঘৰ্ষত ১০৫ জন লোকৰ মৃত্যু হোৱা আলোড়ন ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে শুকুৰবাৰে সমগ্ৰ বাংলাদেশতে সান্ধ্য আইন ঘোষণা কৰে। লগতে এই মাৰাত্মক সংঘৰ্ষৰ পিচত শান্তি-শৃংখলা বজাই ৰাখিবলৈ সামৰিক বাহিনী মোতায়নৰ নিৰ্দেশ দিয়ে । এই ঘটনাৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বৰ্তমান তাত ৮৫০০ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ১৫ হাজাৰ ভাৰতীয় বাস কৰি আছে আৰু তেওঁলোক সকলো নিৰাপদ। ইয়াৰ ভিতৰত এই পৰ্যন্ত ৪০৫ জন ছাত্ৰ-ছাত্ৰীক খালী কৰা হৈছে বুলি উল্লেখ কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই বিষয়টোক লৈ ভাৰতীয় দূতাবাসৰ সৈতে অহৰহ যোগাযোগত থকা বুলি উল্লেখ কৰে।উল্লেখ্য যে, আন্দোলনকাৰীসকলে বাংলাদেশত কোটা ব্যৱস্থা বন্ধ কৰাৰ দাবী জনাইছে যিয়ে ১৯৭১ চনত পাকিস্তানৰ
বিৰুদ্ধে দেশখনৰ স্বাধীনতা যুদ্ধত যুঁজ দিয়া সৈনিকসকলৰ আত্মীয়ৰ বাবে ৩০% সংৰক্ষণ আবণ্টন দিছিল। তেওঁলোকৰ মতে কোটা ব্যৱস্থা বৈষম্যমূলক আৰু ইয়াৰ দ্বাৰা স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া সকলকহে উপকৃত কৰা হয়। তেওঁলোকে ইয়াৰ পৰিৱৰ্তে মেৰিট ভিত্তিক ব্যৱস্থা বিচাৰে।

Leave A Reply

Your email address will not be published.