গোৱালপাৰাত খাৰিফ শস্যৰ ডিজিটেল জৰীপৰ বাবে প্ৰস্তুতি

0

৭/১২/২০২৪: গোৱালপাৰা জিলাত হবলগীয়া ডিজিটেল শস্য জৰীপ,” খাৰিফ -২০২৪” ৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা গৃহত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী খনীন্দ্ৰ চৌধুৰী সভাপতিত্বত অনুষ্ঠিত সভাখনত খাৰিফ শস্যৰ ডিজিটেল জৰীপ কাৰ্য যাতে সময়মতে আৰু শুদ্ধ ভাবে সম্পন্ন হয় তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগৰ পৰা সহযোগিতা বিচাৰে।অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি হবলগীয়া এই জৰীপ অহা ১৬ আগষ্ট’২০২৪ তাৰিখৰ পৰা ৩০ চেপ্টেম্বৰ ২০২৪ তাৰিখৰ ভিতৰত সম্পন্ন কৰা হব। মুঠ ৪৫ দিন ধৰি হবলগীয়া এই জৰীপ কাৰ্যত বাবে 344 গৰাকী জৰিপকাৰি, 114 গৰাকী পৰিদৰ্শক, আৰু 58 গৰাকী পৰ্যবেক্ষকক জড়িত কৰা হব। গোৱালপাৰা জিলাৰ মুঠ 729 খন গাৱত খাৰিফ শস্যৰ ডিজিটেল জৰীপ সম্পন্ন কৰা হব।গোৱালপাৰা জিলা প্ৰশাসনৰ তত্বাবধানত আৰু কৃষি বিভাগ, গোৱালপাৰাৰ উদ্যোগত হবলগীয়া এই জৰীপ কাৰ্যত গোৱালপাৰা জিলাৰ কৃষি বিভাগ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ,পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন উন্নয়ন বিভাগ, ৰাজহ বিভাগ, জিলা অৰ্থনৈতিক আৰু পৰিসংখ্যা বিভাগ, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (ASRLM),আইটিচিৰ ‘মিছন সুনেহৰা কাল’ৰ কৰ্মচাৰী, এফ পি ও আৰু এফ পি চিৰ সদস্য সকলক নিয়োগ কৰা হব। ইয়াৰ বাবে আজি অনুষ্ঠিত প্ৰস্তুতিসভাখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মৃগাংক চৌধুৰী মহোদয়, জিলা কৃষি বিষয়া শ্ৰী দীপক কুমাৰ পাঠককে আদি কৰি ৰাজহ চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, অৰ্থনৈতিক আৰু পৰিসংখ্যা বিভাগ, গোৱালপাৰাৰ উপ-সঞ্চালক, নাবাৰ্ডৰ বিষয়া, জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া, ASRLM ৰ জিলা প্ৰকল্প পৰিচালক,আইটিচিৰ ‘মিছন সুনেহৰা কাল’ৰ জিলা সমন্বয়ক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.